পৃষ্ঠা:Kirtan Ghosha.pdf/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৬
[খণ্ড ১৫ক
কীৰ্ত্তন-ঘোষা

মাধৱৰ জন্ম কৰ্ম্ম।
আত পৰে নাহি ধৰ্ম্ম॥ ৪৫
অদ্যাপি নুপজে বুদ্ধি।
কলিযুগে মহৌষধি॥
কৃষ্ণ-ৰাম-নাম-বাণী।
কেনে হেলা কৰা জানি॥ ৪৬
যত মহা যজ্ঞ দান।
তপ জপ তীৰ্থ-স্নান॥
কেহো নোহে আক সৰি।
ডাকি বোলা হৰি হৰি॥ ৪৭


জৰাসন্ধৰ যুদ্ধ সমাপ্ত॥১৫ ক॥