পৃষ্ঠা:Kirtan Ghosha.pdf/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৩৫৫
জৰাসন্ধৰ যুদ্ধ


যাদৱ ৰাজাক দিলা।
মনুষ্যৰ দেখাই লীলা॥
কৰিলন্ত ক্ৰীড়া হৰি।
ভকতৰ প্ৰীতি কৰি॥ ৪১

পাছে জৰাসন্ধ ৰাজা।
যুদ্ধ হাৰি হুয়া লজ্জা॥
দেশে গৈল অধোমুখে।
নাযায় নুপুহায় দুঃখে॥ ৪২

দুনাই দুনাই দেয় ধাৰ।
হাৰিল সতেৰ বাৰ॥
তথাপি নভৈল লজ্জা।
আৰকা যোৰাৱে প্ৰজা॥ ৪৩

সাধিবো ইবাৰ জয়।
এহি বুলি দুৰাশয়॥
সাজে চতুৰঙ্গ দল।
নজানে কৃষ্ণৰ বল॥ ৪৪

কৃষ্ণৰ কিঙ্কৰে ভণে।
শুনিয়োক সৰ্ব্ব জনে॥


পা* ৪৩॥ সতেৰ – সতাৰ, সতৰ।