পৃষ্ঠা:Kirtan Ghosha.pdf/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৪
[খণ্ড ১৫ ক
কীৰ্ত্তন-ঘোষা


এড়াইলা উলটা বন্ধে।
লাঙ্গল ভেজাইলা কন্ধে॥ ৩৬
আঝুৰি আনিয়া কাছে।
মুষল উচায়া পাছে॥
মুণ্ড ভাঙ্গিবাক চান্ত।
সেহিবেলা শুনিলন্ত॥ ৩৭
পড়িল আকাশী বাক।
নমাৰা নমাৰা আক॥
শুনি বলো সৰ্ব্বজান।
ৰাখি মাগধৰ প্ৰাণ॥ ৩৮
এড়িলা দাৰুণ যুদ্ধ।
ৰথে চড়ি হলায়ুধ॥
কৃষ্ণে সমে লড়ি গৈলা।
মথুৰা প্ৰৱেশ ভৈলা॥ ৩৯
এহিমতে ৰাম-হৰি।
বিপক্ষক ক্ষয় কৰি॥
যত পাইল অলঙ্কাৰ।
কিৰীটি কুণ্ডল হাৰ॥ ৪০


পা* ৩৬॥ এড়াইলা উলটা বন্ধে। –এড়াইলন্ত লতা বন্ধে।
 ৪০॥ বিপক্ষক ক্ষয়—ভকতৰ প্ৰীতি।