এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কীর্তন
সাগৰু-সঙ্কাশ দেখি পয়াতি।
ব্রাসতে কম্পিল হৃদয় আতি ॥
বুলিলা মাধৱে নিৰ্ভয়বাণী।
কৰিলা আলাে জ্ঞাতিক আনি। ৪
কৃষ্ণৰ বাক্যে সৱে ভৈল সুস্থ।
বৈকুণ্ঠৰপৰা নামিল ৰখ ।
আইল অস্ত্ৰচয় চক্ৰ, প্ৰমুখ্যে।
কৃষ্ণক নমিলা আসি দাকে। ৫
পড়িল লাঙ্গল মুষল বাণ।
কৰিলা দোভায়ে পাছে পয়াণ।
থে চড়ি কৃষ্ণে বেগে বঝাইলা।
শৰ কৰি শক্ত-সেনা ভঙ্গাইল ॥ ৬
কাটিলা ৰথ হন্তী-পতিচয় ।
শােণিতে নদী প্ৰৱহাইলা তয় ।
পৰম লীলায়ে শত্ৰু সংহৰি।
ফুলি পাঞ্চজন্য উচ্চ কৰি ॥ ৭
পাছে বন খােৰ সমৰ কৰি।
মাগধ-ৰাজাক জীৱন্তে ধৰি।
মাৰিবাক চান্ত কোবাই সমূলি।
বাধিলা কৃষ্ণে আৰু ৰাখা বুলি ॥৮