পৃষ্ঠা:Kirtan Ghosha.pdf/৩৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চদশ খণ্ড

প্ৰথম ভাগ

জৰাসন্ধৰ যুদ্ধ

প্ৰথম কীৰ্ত্তন

 ঘোষা॥ নমো দামোদৰ হৰি।
নিয়োক নাথ উদ্ধৰি॥ ১


পদ॥ বোলন্ত শুকে শুনা পৰীক্ষিত।
 কহিবো কৃষ্ণৰ আৰো চৰিত॥
 মৰিল কংস তাৰ ভাৰ্য্যা দুই।
 পিতৃগৃহে গৈল বিধৱা দুই।
 শুনিয়ো বাপ কি কহিবো আমি।
 মাৰিলন্ত কৃষ্ণে আমাৰ স্বামী॥
 শুনি জৰাসন্ধ ক্ৰোধিল আতি।
 তেইশ অক্ষৌহিণী সাজি পয়াতি॥ ২
 বেঢ়িল চতুৰ্ভিতি মথুৰাক।
 দেখি ভয় লৈ যাদৱ-ঝাক॥
 নৰ-নাৰীগণো আসি লৱড়ি।
 সেনাক চাৱে ৰঙ্গে চাঙ্গে চড়ি॥ ৩


পা ২ ॥ পয়াতি--পাৱাতি, পদাতি।