পৃষ্ঠা:Kirtan Ghosha.pdf/৩৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৮
[ খণ্ড ১৩
কীৰ্ত্তন-ঘোষা


মোক্ষতো অধিক  আনন্দ মিলিল
 তৰিল সংসাৰ-তাপ॥ ৮

দুৰ্ল্লভ কৃষ্ণক  পতি পাই তাই
 আগত কৰে গোচৰ।
দিন কতিপয়  থাকা নাথ ঐত
 চৰণে কৰো কাতৰ॥

তযু অঙ্গ-সঙ্গ  এড়িবে নৱাৰো
 আপুনি মুহিলা চিত্ত।
কৃষ্ণে তাইক পাছে  সম্মান কৰিয়া
 পূৰিয়া মন-বাঞ্ছিত॥ ৯

বস্ত্ৰ-অলঙ্কাৰ  দিয়া মন তুষি
 সৈৰিন্ধীক হৰি ৰঙ্গে।
আপুন গৃহক  চলি গৈলা পাছে
 উদ্ধৰক লৈয়া সঙ্গে॥

কৃষ্ণৰ কিঙ্কৰে  ৰচিলা শঙ্কৰে
 শুনিয়োক সৱে নৰ।
অতি অল্প সেৱা  মাত্ৰতে সন্তোষ
 হেনসে কৃষ্ণ ঈশ্বৰ॥ ১০