পৃষ্ঠা:Kirtan Ghosha.pdf/৩৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ১) পৰ্দন ২৩ অনিচ্ছাতো যেন অগনি পোলে। বিষ্ণুধৰ্ম্মোন্তৰ আগমে বোলে। ৮ ঘোৰ সংসাৰৰ মুখ্য আধি। হেন হৰিনাম এৰি বিবুদ্ধি। লভিবে মুকুতি কোন উপায়। মিছাত পণ্ডিত ফুৰে বোলাই। ৯ নাৰদে কহন্ত মুনিক মাতি। আচৰ্য্য আচৰ্য্য দেখিয় আতি। হৰি হেন নাম আছে বিয়াপি। সংসাৰত পৰি মৰে তথাপি। ১০ হৰি নামে নামে নামে নিছয়। মোহোৰ জীৱন নাৰদে কয়। কলিৰ কালে আউৰ আত পৰে। নাই নাই নাই গতি লোকৰে॥১১ নাৰদে দিলন্ত তিনি কতপা। নমানিবে আক কোননো লপা। নাৰদৰ বাণী শিলাৰ ৰেখা। বৃহত-নাৰদী বিচাৰি দেখা। ১২ পা” ৮ পপালে-পোৰে। বিষ্ণুধৰ্মোক্তৰ-বিষুধ তাক, বিষ্ণুধৰ্ম্মত।