পৃষ্ঠা:Kirtan Ghosha.pdf/৩৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩৩]
৩২৫
কংস-বধ

নগৰৰ বাঝ কৰি খেদায়ো আমাৰ।
দুষ্ট বসুদেৱক সত্বৰ কৰি মাৰ॥
গোৱালৰ ধনক আগ্ৰহি সৱে লৈয়ো।
দুৰ্ম্মতি নন্দক লোহা লগাই বান্ধি থৈয়ো॥ ৪২১
পিতৃ উগ্ৰসেনক সত্বৰে মাৰ নিয়া।
নৰাখিবি যত আৰ আছে লগৰীয়া॥
শুনি কদৰ্থনা-বাণী কৃষ্ণ কৃপাময়।
জ্বলি গৈল ক্ৰোধে আতি নসহে হৃদয়॥ ৪২২
লঘিমা গুণক আশ্ৰয়িলা কৃষ্ণ দেৱে।
কংসৰ উচ্ছ্ৰিত মঞ্চে উঠিলন্ত ডেৱে॥
দেখি কংস আসনৰ উঠি তাৱক্ষণে।
ধৰিলেক খাণ্ডা-বাৰু যুজিবাক মনে॥ ৪২৩
বাৰুক ফুৰাৱে লুম্ফি ফিঙ্কাৱে খাণ্ডাক।
যেন শেন গোটে আকাশত ফুৰে পাক॥
অচিন্ত্য-মহিমা হৰি লীলায়ে হাসিয়া।
আলগতে কংসক ধৰিল চাম্প দিয়া॥ ৪২৪
গুচিল প্ৰভাৱ তাৰ হত হৈল দৰ্প।
গৰুড়ৰ হাতে যেন বন্দী ভৈল সৰ্প॥
কিৰীটি সহিতে তাৰ ধৰিয়া চুলত।
ভূমিত পাড়িয়া পড়িলাহা উপৰত॥ ৪২৫