পৃষ্ঠা:Kirtan Ghosha.pdf/৩৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শ্রমে দুয়াে জানু জানুত হানে। মুণ্ডত মুণ্ডে ঠেকা মাৰে টানে । হিয়াত হিয়া মাৰে চাট কৰি। আয়ুৰি নেয় কতাে হাতে ধৰি। ৩৯৩ মায় গলদা ছু, বুলি। বাহুৱে আটিয়া আছাৰে তুলি। ছান্দিয়া হাতে পাৱে পড়ি দুই। বাগৰ পাৰে এক পিণ্ড হুই। ৩৯৪ বান্ধৰ চোটে ভাগে কলেৱৰ। এৰায়া কােেহাে হােন্ত অন্তৰ ॥ ক্রোধে চক্ষু পকাই সঘনে চান্ত। তর্জন্ত-গজ্জন্ত কামুৰি দান্ত ॥ ৩৯৫ বলী-অবলীৰ যুদ্ধ দেখিয়া। পুৰবাসী স্ত্রী নসহে হিয়া। অন্যে-অন্যে বােলে ইটো অকর্মে। ৰাজ-সমাজকো পাৱে অধর্মে ॥ ৩৯৬ ৰাজায়াে কৰাৱে অন্যায় যুদ্ধ। আকো চাই আছে সৰে অবােধ। ইটো দুই মাল বজ্ৰৰ সাৰ। মাধৱ ৰাম আতি সুকুমাৰ ॥ ৩৯৭