পৃষ্ঠা:Kirtan Ghosha.pdf/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৮
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


একত্ৰিংশ কীৰ্ত্তন

ঘোষা॥ ৰাম-পাৱে কৰা ৰতি।
 ভাই ৰামৰ নামেসে গতি॥ ৩১

পদ॥ শুনিয়া চাণুৰে বোলে কৃষ্ণক।
 নুহিকা গোপাল তুমি বালক॥
 গজ সহস্ৰৰ বলে অধিক।
 লীলায়ে মাৰিলা হেন হস্তীক॥ ৩৮৯
 এহেন্তে ৰাম মহা বলিয়াৰ।
 মঞি সমে তুমি কৰা প্ৰহাৰ॥
 মুষ্টিকে সহিতে যুজোক বল।
 অন্যায় নুহি দুয়ো মহামল্ল॥ ৩৯০
 শুনি কৃষ্ণে কৰি নিশ্চিত-মতি।
 সমুখ ভৈলা চাণূৰক প্ৰতি॥
 মুষ্টিককো ধাইলা ৰোহিণী-সুত।
 মিলিল মল্ল-যুদ্ধ অদভুত॥৩৯১
 হাতক হাতে মাল–বান্ধে বান্ধি।
 দুই পাৱে দুই পাৱক ছান্দি॥
 আঝোৰে অন্যো-অন্যে বলে ধৰি।
 মুষ্টিত মুষ্টি মাৰে দৃঢ় কৰি॥ ৩৯২


পা° ৩৯১॥ নিশ্চিত-মতি—নিবিড়মতি, নিবৃতমতি।