পৃষ্ঠা:Kirtan Ghosha.pdf/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২৯]
৩১৩
কংস-বধ


ইকাতি সিকাতি হোৱন্তে যাই।
টানি নেন্ত কৃষ্ণে শ্ৰমে এড়াই॥ ৩৬৬
নপাৰে ধৰিবে সিটো কৃষ্ণক।
যেন দামুৰিক টানে বালক॥
অনন্তৰে তাৰ লাঞ্জৰ এড়ি।
ভৈলন্ত সম্মুখ হস্তীক হৰি॥ ৩৬৭
চাপৰ মাৰিয়া যান্ত লৱড়ে।
খেদি নেয় হস্তী গোড়ত গোড়ে॥
লীলায়ে পড়িয়া উঠিলা হৰি।
পড়িল বুলি হস্তী ক্ৰোধ কৰি॥৩৬৮
পৃথিৱীত সিটো ভিৰিল দান্তে।
গাৱৰ বল দিয়া সিটো ঝান্তে॥
নাহিকা কৃষ্ণ দেখি হস্তী কোপে।
ধাইলেক কৃষ্ণক দুনাই আটোপে॥ ৩৬৯
উপৰে হাতিয়াৰে খুম্পি যাই।
ধৰিলা শুণ্ডত মাধৱে পাই॥
প্ৰমত্ত সিংহে যেন লীলা কৰি।
পাড়িলা ভূমিত হস্তীক হৰি॥ ৩৭০
পাৱে ভিৰি তাক কৰি আক্ৰান্ত।
লৈলন্ত উভাৰি হস্তীৰ দান্ত॥