পৃষ্ঠা:Kirtan Ghosha.pdf/৩২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নগৰৰ বাজত ৰহিলা বাসা কৰি। ৰঙ্গে ৰাম কৃষ্ণ দুই পখালিলা ভৰি । গােপগণ সঙ্গে লৈয়া ভুঞ্জি দধি-ভাত। বঞ্চিলা ৰজনী সুখে সুতিয়া শয্যাত। ৩৪৯ ধনুর্ভঙ্গ ৰখীয়া সেনাৰ শুনি বধ । নাসে নিদ্ৰা কংস ভৈল ভয়তে তবধ৷ দেখে নানা বিমঙ্গল চিত্ত মুহি স্থিৰ। ছায়াত নেদেখে সিটো আপােনাৰ শিৰঃ ৩৫০ ধুলি-কর্দমত নিজ খােজক নাকলে। আকাশতে দেখে কত দুই চন্দ্র জ্বলে । স্বপ্নত মৃতকে ধৰি কৰে আলিঙ্গন। গর্দভত চড়ি কৰে বিষক ভােজন ॥ ৫১ ওৰ-ফুল-মালা পিন্ধি হুয়া দিগম্বৰ। তৈল খসি দক্ষিণক যায় একেশ্বৰ ৷ আনাে নানাবিধ বিমঙ্গল দেখে আতি। ভয়তে নপাইলে নিদ্রা কংসে সিটো ৰাতি ॥ ৩৫২ অনন্তৰে কংসৰায় উঠি প্রভাত। কৰাইলন্ত মল্লমহােৎসৱ ক্রীড়া যত । পাণ ৩৪৯ | বাজত-আত (পুৰাং•••ঈয়তু-ভাগ ১৪২২৩)।