পৃষ্ঠা:Kirtan Ghosha.pdf/৩১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০০
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


ষড়বিংশ কীৰ্ত্তন

ঘোষা॥ প্ৰাণ-বান্ধৱ মাধৱ ৰাম।
 দেহু দেখা হৰি কৰো প্ৰণাম॥২৬

পদ॥ পথত ৰাম-কৃষ্ণ মহাভাগ।
 যাহান্তে ধোবাক পাইলন্ত লাগ॥
 খুজিলন্ত বস্ত্ৰ মাতি ধোবাক।
 দিয়ো ভাল বাছি বস্ত্ৰ আমাক॥ ৩১৮
 আজি যেৱে বস্ত্ৰ কৰস দান।
 হৈবেক পৰম তোৰ কল্যাণ॥
 এহি বুলি বস্ত্ৰ খোজন্ত হৰি।
 দুৰ্ম্মুখ ধোবা মাতে ক্ৰোধ কৰি॥ ৩১৯
 কিনো মহামূঢ় তোৰা গোৱাল।
 পৰ্ব্বত-বনত খপস কাল॥
 মৰিবাক লাগি নাহিকে ত্ৰাস।
 ৰাজাৰ বস্ত্ৰক পিন্ধিবে চাস॥ ৩২০
 প্ৰাণ লৈয়া পলা ঐৰ অন্তৰি।
 ৰাজ-দূতে পাইলে দণ্ডিবে ধৰি॥
 দৈৱকী-সুতে শুনি হেন বাণী।
 মাৰিলা ধোবাক চৱৰ টানি॥ ৩২১