এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২০]
২৮১
কংস-বধ
বসুদেৱে গোকুলত থৈলা চুৰি কৰি।
নন্দ-ঘৰে বাঢ়ন্ত তোহোৰ প্ৰাণ-বৈৰী॥
কৃত্যা কৰি আনি দিল নন্দৰ কন্যাক।
কহিলো সম্ভেদ-কথা দঢ়াই আপুনাক॥ ২৩১
শুনি কংসে খাণ্ডা তুলি উঠি গৈল ৰাগি।
বসুদেৱ মহন্তক কাটিবাক লাগি॥
উঠি দেৱ-ঋষি তাঙ্ক আনিলা নিৱাৰি।
আঙ্ক নকাটিবি তঞি কৃষ্ণক নমাৰি॥ ২৩২
পিতৃ হত শুনি লাগ নেদিব তোমাকে।
উলটি বসিল কংস নাৰদৰ হাকে॥
বসুদেৱ দৈৱকী বান্ধিয়া নিহলে।
কৰিলেক বন্দী উগ্ৰসেনক নিষ্খলে॥ ২৩৩
পাছে দেৱ-ঋষি গোকুলক গৈলা বই।
বুলিলা কৃষ্ণক তুতি আকাশত ৰই॥
ভাৰ-সংহাৰন্তা আউৰ নাহি তুমি বিনা।
কংসক বধিবা প্ৰভু পৰশুই দিনা॥ ২৩৪
দিবা উগ্ৰসেনক কংসৰ ৰাজ্য-ভাৰ।
বসুদেৱ-দৈৱকীৰো খণ্ডিবা নিকাৰ॥
পা° ২৩১॥ নন্দ-ঘৰ-গোকুলত। সম্ভেদ-সমস্তে।