পৃষ্ঠা:Kirtan Ghosha.pdf/২৯১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-ঘোষ কৰিবা কর্ম যত দ্বাৰকাত। দেখিবাে আনন্দে থাকি তথাত। কেৱল জ্ঞান-মুৰ্ত্তি তুমি স্বামী। তােমাত শৰণ পশিললা আমি । ২২৭ পৰম পুৰুষ সন্তৰ গতি। যদু-শ্রেষ্ঠ হেৰা কৰাে প্রণতি। আনন্দে নাৰদে এতেক কই। গৈল কৃষ্ণত মেলানি লই। ২২৮ গােৱিন্দো কেশী অসুৰক মাৰি। ব্ৰজৰ আনন্দ বঢ়াই মুৰাৰি। থাকিলা কৃষ্ণ নানা লীলা কৰি। সমস্ত সমাজে বুলিয়াে হৰি। ২২৯ বিংশ কীর্তন ঘােষ বাম বনমালী গােপাল বনমালী। ২০. প। গৈল নাৰদ ঋষি কংসৰ সমাজ। নিচিন্তি আছস কেনে এতাে ভােজৰাজ । তােক মাৰিবাক লাগি দেৱৰ যতন। দৈৱকীৰ গর্জে উপজিলা নাৰায়ণ। ২৩০