পৃষ্ঠা:Kirtan Ghosha.pdf/২৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
[খণ্ড ২
কীৰ্ত্তন-ঘোষা

নামেসে কৰিৰে পৰম সিদ্ধি।
হৰিৰ নাম জগতৰে নিধি॥ ২৬
পুছিলা নাৰদ ঋষি দুনাই।
যাহাৰ বিজ্ঞান বৈৰাগ্য নাই॥
সদায় মজি আছে বিষয়তে।
এৰাইবে নামৰ দ্ৰোহ কিমতে॥ ২৭
সনতকুমাৰে দিলে উত্তৰ।
নামৰ দ্ৰোহী যিটো পাপী নৰ॥
সততে ফুৰে হৰি-নাম গাই।
তেৱেসে নামৰ দ্ৰোহ এড়াই॥ ২৮
স্বৰূপ শুনা ঋষি উদাসীন।
যিজন নাম-অপৰাধ-হীন॥
হৰিৰ তেৱে একে নামে তৰে।
শুনে বা বোলে বা মনত স্মৰে॥ ২৯
কহিলা ৰহস্য মোত শঙ্কৰে।
আৰু যিটো নৰে কীৰ্ত্তন কৰে॥
মুকুতি পাৱে এৰে অপৰাধ।
কহিলো নাৰদ নাহিকে বাধ॥ ৩০


 পা* ২৭॥ বিজ্ঞান—ই জ্ঞান।