পৃষ্ঠা:Kirtan Ghosha.pdf/২৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দেখি আস্ফালিলা শিঙ্গত ধৰি। তাৰৰ প্ৰাণ লৈ ঘৰ মুচৰি। ২০৯ খেদি আসিলেক কেশী অসুৰ। হ্রেষাণ শুনি কাম্পে গােপ-পুৰ। লাঞ্জৰ ছাটিত মেঘ উড়াই। দেখিয়া প্রভু তাক গৈলা ধাই। ২১০ পাছে চণ্ড বেগে অসুৰে আসি। হানিলেক লাঠি ভৰি উল্লাসি । এড়াইল তাঙ্ক শ্ৰম কৰি হৰি। আছাৰি পেলাইলা পাৱত ধৰি। ২১১ আসিল কেশী দুনাই বেস্ত বাই। বাম বাহু তাৰ মুখে ভৰাই । বঢ়াইলা প্রভু আতি বৰ বেগে। ভেণ্টিল গল যেন গর্ভ-ৰােগে ॥ ২১২ ভূমিত পড়িল চেতন হৰি। চক্ষু ওলটায়া আছাড়ে ভৰি। মৰিল অসুৰ ছাদি ৰুধিৰ। বাঝ ভৈলা বাহু ফাটি শৰীৰ। ২১৩ কেশী-বধ দেখি হাসি হৰিষে।

ব্রহ্মা আদি দেৱে পুষ্প বৃৰিযে ।