পৃষ্ঠা:Kirtan Ghosha.pdf/২৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৮]
ৰাস-ক্ৰীড়া


যেহেন সুৱৰ্ণ-মণি মাজত।
প্ৰকাশি আছে মহা মৰকত॥ ২০৪
দোধো গোপী মাজে এক গোপাল।
নূপুৰে বাদ্য ভৰি কৰতাল॥
হাতত হাতে ধৰি গোপ-নাৰী।
নাচিলা অনঙ্গ-ৰঙ্গে মুৰাৰি॥ ২০৫
সজল মেঘ মাধৱৰ কায়।
গোপীগণ ভৈলা বিজুলী-প্ৰায়॥
অলঙ্কাৰে কৰে মধুৰ ঘোষ।
শুনিয়া মনত মিলে সন্তোষ॥ ২০৬
গোপীৰ গলে ধৰি বাহু মেলি।
কৰিলা অনেক অনঙ্গ-কেলি॥
শ্ৰম দেখি কতো আঞ্চলে বিঞ্চে।
যমুনা জলে নামি জল সিঞ্চে॥ ২০৭
পুৰিলা গোপী-গণ-মনোৰথ।
ক্ৰীড়া দেখি চন্দ্ৰো ৰাখিলা ৰথ॥
মোহিত ভৈলা যত দিব্য নাৰী।
ৰাখিলা গোপীক যক্ষক মাৰি॥ ২০৮
ধায়া আসিলেক অৰিষ্ট বীৰে।
মেদনী-নসহে খুৰাৰ ভিৰে॥