পৃষ্ঠা:Kirtan Ghosha.pdf/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৪
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


হৰি-ভকতিত যেৱে কৰা দৃঢ় মতি।
ইজন্মত নিছয়ে পৰম পাইবা গতি॥ ২০০
ভকতিত পৰে ধৰ্ম্ম নাহি সংসাৰত।
চাৰিও বেদৰ জানা এহি সাৰ তত্ত্ব॥
ৰাম-নাম অমৃত সততে কৰা পান।
বোলা হৰি হৰি কেতিক্ষণে পৰে প্ৰাণ॥ ২০১


অষ্টাদশ কীৰ্ত্তন

ঘোষা॥ যাদৱ জগমোহন ৰাম।
 ভকত–বৎসল তোমাৰ নাম॥ ১৮

পদ॥ শৰত কালে চন্দ্ৰাৱলী ৰাতি।
 দিব্য ৰাস–ক্ৰীড়া কৰিলা আতি॥
 পঞ্চম ৰাগে গীত গাইলা হৰি।
 শুনি মোহ লৈ গোপ–সুন্দৰী॥ ২০২
 ঘৰ-বাড়ী এড়ি লৱড়ে ভোলে।
 তন হলফল কুণ্ডল দোলে॥
 বাইলাহা বাংশী পশি বৃন্দাবনে।
 চৌপাশে বেড়ি নাচে গোপীপণে॥ ২০৩
 কৃষ্ণ বুলি বাৱে চাপৰি।
 গোপীৰ মধ্যে প্ৰকাশন্ত হৰি॥