পৃষ্ঠা:Kirtan Ghosha.pdf/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৭]
২৭৩
ৰাস-ক্ৰীড়া

জুৰুৱাইবে লাগি পাছে আমাৰ হৃদয়।
দৈৱকী-নন্দন-চন্দ্ৰ ভৈলন্ত উদয়॥ ১৯৫
কতো আথে-বেথে বোলে গোপিকা বচন।
দেখ গোৱিন্দৰ মদে চঞ্চল লোচন॥
কুণ্ডলৰ কান্তি জলে বদন পাণ্ডুৰ।
যেন সন্ধ্যা সময়ে উদিত শশধৰ॥ ১৯৬
আমাৰ দিনৰ তাপ হৰিবাৰ প্ৰতি।
আইল বনমালী গজৰাজ-লীলা-গতি॥
এহিমতে ব্ৰজৰ যুৱতী প্ৰতি নিত।
একান্তে অৰ্পিলো গোপালতে প্ৰাণ-চিত্ত॥ ১৯৭
দিনসৱ বঞ্চে গোৱিন্দৰ গুণ গাই।
তাসম্বাৰ সম ভাগ্যৱতী আউৰ নাই॥
পাইলে মহোদয় কৰ্ম্ম-বন্ধ ছেদ ভৈলা।
মহামুনি গুৰু শুকে নৃপতিত কৈলা॥ ১৯৮
ইটো ৰাস-ক্ৰীড়া-কেলি নামে কাম-জয়।
কৰিলা ভৃত্যৰ পদে কৃষ্ণ কৃপাময়॥
আক শুনে ভণে যিটোজন অবিশ্ৰাম।
বাঢ়িবে ভকতি আতি জিনিবেক কাম॥ ১৯৯
কৃষ্ণৰ কিঙ্কৰে কহে শুনা নিৰন্তৰ।
কলিযুগে ভাগ্যে ভাৰতত ভৈলা নৰ॥

১৮