এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭২
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা
পিন্ধিয়া গলত গন্ধ-তুলসী-মালাক।
যেৱে সেহি বেলাত বংশীৰ দেন্ত ডাক॥ ১৯০
শুনি কৃষ্ণসাৰ হৰিণৰ ভাৰ্য্যাগণে
কৃষ্ণৰ সমীপ চাপে উত্ৰাৱল মনে॥
গুণ-সমুদক পায়া নযায় পুনৰপি।
এড়িলো গৃহৰো আশা যেন আমি গোপী॥ ১৯১
হেন হৰি-বিয়োগে কিমতে প্ৰাণ ৰৱে।
যশোদাক চাই কতো গোপী কথা কৱে॥
কুন্দ-পুষ্পে ভূষি তনু মলয়া চন্দনে।
গোধনে আবৃত হুয়া তোমাৰ নন্দনে॥ ১৯২
হৰিষ বঢ়ায়া যেৱে ক্ৰীড়ে যমুনাত।
গাৱে গীত গন্ধৰ্ব্বে মলয় বহে বাত॥
পুষ্পচয় সিঞ্চে শিৰে কৰিয়া সম্মান।
হেন হৰি–বিৰহে কিমতে ধৰো প্ৰাণ॥ ১৯৩
আনন্দে কহৱে কৃষ্ণ আসিবাৰ দেখি।
আমাৰ সুহৃদ হৰি হেৰা আইল সখী॥
গোধূলি গোধন সৱে কৰি একে ঠাই।
আইল প্ৰাণ-গোবিন্দ বাংশীত গীত গাই॥ ১৯
পথত প্ৰণামে ব্ৰহ্মা আদি দেৱঝাক।
আমাক হিংসায়ে নেদে শাঘ্ৰে আসিবাক॥