পৃষ্ঠা:Kirtan Ghosha.pdf/২৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
১৭
নাম-অপৰাধ

অধক যাই সিও হােৱে কলা।
বাইবে কাণত তপত শলা॥ ২১
নাহিকে শ্রদ্ধা নপাতৈ কাণ।
তাক যিটো দেয় নামক দান॥
নামৰ দ্রোহী নাহি তাত পৰে।
ভুঞ্জাইবে যাতনা যম-কিঙ্কৰে॥ ২২
শুনিয়া নামৰ মহিমা নিতি।
তথাপি নামত নকৰে প্রীতি॥
নামৰ দ্রোহী সিও অহঙ্কাৰী।
ভুঞ্জিবেক কাকে জিহ্বা উভাৰি॥ ২৩
এহি দশ অপৰাধী নামৰ ।
আমাত কৃপায়ে কহিলা হৰ॥
পূৰ্ব্বত সমস্ত মুনিৰ আগে।
তােমাত এবে কৈলে অনুৰাগে॥ ২৪
নামৰ দ্রোহ নেৰে যিটো জানি।
পাপত পচে সিও মন্দ প্রাণী॥
মাতৃক ক্রোধে ত্যজি যেন অন্ন।
দুঃখ মাত্র পাৱে বালকগণ॥ ২৫
এৰিয়া অপৰাধ দেৱ-ঋষি।
নামত যতন কৰা হৰিষি॥