পৃষ্ঠা:Kirtan Ghosha.pdf/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৩]
২৬১
ৰাস-ক্ৰীড়া


নাচন্তে চলন্ত লড়ে মকৰ-কুণ্ডল।
তাৰ ৰশ্মি-শোভিত কৃষ্ণৰ গণ্ড-স্থল॥
তাতে লগাই কতো গোপ পাতে মুখ আনি।
নৃত্যৰ ভঙ্গিত চোবা দেন্ত চক্ৰপাণি॥ ১৪২
নাচন্তে শবদ কৰে নূপুৰ মেখলা।
মহা শ্ৰান্ত হুয়া কতো কতো গোপবালা॥
কৃষ্ণ-হস্ত-পঙ্কজ পৰম সুখকৰ।
তাক ধৰি থৱে নিয়া তনৰ উপৰ॥ ১৪৩
লক্ষ্মীৰ-ৰমণ যিটো ঈশ্বৰ মুৰাৰি।
তাহাঙ্ক বল্লভ পাইলে যত গোপ-নাৰী॥
কৃষ্ণে ধৰি আছে কণ্ঠে দুয়ো বাহু মেলি।
পৰম উৎসৱে আতি কৰে ৰাস-কেলি॥ ১৪৪
অলকা পঙ্কতি চাক কৰ্ণ উতপলে।
শোভে সৱে বদন-পঙ্কজ ঘৰ্ম্ম-জলে॥
কৃষ্ণে সমে নাচে আতি উৎসৱে গোপিনী।
বাজয় বলয়া বাদ্য নূপুৰ কিঙ্কিণী॥ ১৪৫
গোপীৰ নৃত্যত ভৈল ভৰি কৰতাল।
বেড়িয়া গুঞ্জৰে যেন ভ্ৰমৰে গীতাল॥
শিৰকো কম্পাৱে খসে খোপাও আউল।
তুষ্ট হুয়া কেশে বৰিষয় যেন ফুল॥ ১৪৬