সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
[খণ্ড ২
কীৰ্ত্তন-ঘোষা

যিটো পাপী কৰে গুৰুক হেলা।
বেদকো নিলে যদি কোনাে বেলা॥
নামৰ ইও দুয়াে অপৰাধ।
ভুঞ্জিবে যাতনা নাহিকে বাধ॥ ১৭
হৰিৰ নামে কল্পে অর্থবাদ।
নামৰ মহিমা কৰে উছাদ॥
সিজনাে নামৰ দ্রোহী পৰম।
নৰকে পচে নাহি তাৰ জন্ম॥ ১৮
নামত বলে কৰে পাপ-বুদ্ধি।
অষ্টাঙ্গ-যােগে তাৰ নাহি শুদ্ধি॥
নাম-অপৰাধী সিও পৰম।
ভুঞ্জিবে যাতনা অনেক জন্ম॥ ১৯
ধৰ্ম্ম হােম ব্ৰত তীর্থত স্নান।
যতেক আছে মহাযজ্ঞ দান॥
আকেয়েৰে কৰে নামক সৰি।
কতনাে যাতনা ভুঞ্জিবে মৰি॥ ২০
নামক কীৰ্ত্তন কৰন্তে আনে।
আনমন কৰি নুশুনে কাণে॥


 পা*  পদ ১৭॥ গুৰুক—নামত।