পৃষ্ঠা:Kirtan Ghosha.pdf/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন
২৫৭
ৰাস-ক্ৰীড়া


কৃষ্ণৰ বাক্য শুনি সৱে সখী।
কৰে হাস্য অন্যো-অন্যে নিৰেখি॥
বোলন্ত দুনাই কৃষ্ণ বুঝি কাজ।
সখীসৱ আমি চাৰিতো বাঝ॥ ১২৫
ভকতেসে মোৰ সুহৃদ প্ৰাণ।
যিহেতু নভজে শুনা নিদান॥
সদায়ে চিন্তোক মোক নপাই।
বিহ্বল যেন ধন হৰুৱাই॥ ১২৬
তোমৰসৱো মোৰ অৰ্থে আতি।
এড়িলা বেদ-ধৰ্ম্ম যত জ্ঞাতি॥
বাঢ়োক তোমাৰ প্ৰেম-ভকতি।
ভৈলো অন্তৰ্দ্ধান এহি যুগুতি॥ ১২৭
নকৰা অসূয়া স্বৰূপ জানি।
ইকথা আছোক শুনা সত্য বাণী॥
দুস্ত্যজ গৃহৰ এড়িয়া আশ।
ভজিলা মোক কৰি অভিলাষ। ১২৮
ভৈলোহো বশ্য মই তোমাসাৰ।
সুচিৰকাল শুজা নযায় ধাৰ॥


পা° ১২৯॥ সুচিৰফালে-অচিৰকালে।

১৭