পৃষ্ঠা:Kirtan Ghosha.pdf/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৬
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


কতো মনুষ্য ভজে ভজন্তাক।
নভজে যি কেহো ভজে তাক॥
ভজন্তা নভজন্তা দুইকো আসি।
নভজয় কোনে কৈয়ো প্ৰকাশি॥ ১২০
গোপীৰ গুণি গূঢ় অভিপ্ৰায়।
দিলন্ত উত্তৰ যাদৱৰায়।
শুনা সখাসৱ আমাৰ বাক।
যিজনে মাত্ৰ ভজে ভজন্তাক॥ ১২১
সুহৃদ নুহি নাহি তাৰ ধৰ্ম্ম।
আপুন অৰ্থে কৰে মাত্ৰ কৰ্ম্ম॥
যিজনে ভজে নচাই উপকাৰ।
সুহৃদ সেহি ধৰ্ম্ম সিজে তাৰ॥ ১২২
ভজে নভজে দুইতো নেদে মন।
আছে চাৰি বিধ শুনা লক্ষণ॥
যিটো ব্ৰহ্ম-জ্ঞানী দেখে সৱে মিছা।
যিজন পূৰ্ণ ভোগে নাহি ইছা॥ ১২৩
গুৰু-দ্ৰোহী যিটো একো নমানে।
যিটো মহামুৰ্খ কিছু নজানে॥
নভজে দুইকো এহি চাৰিজন।
কহিলো মঞি নিষ্ঠে গোপাগণ॥ ১২৪