পৃষ্ঠা:Kirtan Ghosha.pdf/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫০
[ খণ্ড ১১
কীৰ্ত্তন-ঘোষা


শুনা সৰ্ব্ব জন এড়া আন মন
 ঘুষিয়ো হৰি সম্প্ৰতি॥ ৯৪

নৱম কীৰ্ত্তন

ঘোষা॥ পদ্মপাণি হামি কাছে যাওঁ
 কৃষ্ণ কৈত পাওঁ।
 গোবিন্দ বিনে বৃথা জনম গোঁৱাওঁ॥ ৯


পদ॥ ভকত-কামদ পাদ-পদ্ম মনোৰম।
 সেৱা-সময়ত যিটো আতি সুখতম॥
 হৰয় বিপদ যাক কৰিলে স্মৰণ।
 আমাৰ তনত হেন অৰ্পিয়ো চৰণ॥ ৯৫
 বিনাশে সমস্তে শোক সুৰতি বঢ়াৱে।
 সাৰ্ব্বভৌম ৰাজাৰ সুখকো পাসৰাৱে॥
 সুললিত বাংশী আতি চুম্বি আছে যাক।
 হেনয় অধৰামৃত দিয়োক আমাক॥ ৯৬
 তোমাৰ সংযোগে মনে মিলে মহাসুখ।
 ক্ষেণেকে নেদেখি পাওঁ অতি চিন্তা-দুঃখ॥
 এতেকে সৱাকে তেজি ভজিলো তোমাক।
 এড়িলা কোননো সতে তুমি আমাসাক॥ ৯৭