এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
দ্বিতীয় খণ্ড: নাম-অপৰাধ
শুনি মুনি বাক্য বুলিলা তথা।
পুছিলা পৰম ৰহস্য-কথা। ১৩
পূৰ্ব্বত কহিলা মোত শঙ্কৰে।
প্ৰকাশিববা আক তোমাৰ তৰে।
শুনা যেন যেন দ্ৰোহ নামৰ।
হৰি হৰি বোলা সমস্ত নৰ। ১৪
দ্বিতীয় কীৰ্ত্তন
ঘোষা।
ঘুষিয়ে হৰি হদি ৰূপ ধৰি।।
নাহি আন পুণ্য নামক সৰি৷ ২
পদ।
ভকতক নিন্দা কৰে অধম।
জানিব নামৰ দ্ৰোহী পৰম।
যাত হন্তে ভৈল নামৰ খ্যাতি।
তাৰ কি নিন্দা নামে সহে আতি। ১৫
গুণ-নাম যত বিষ্ণু শিৱৰ।
তাক ভিন্ন-বুদ্ধি কৰে যি নৰ।
নামৰ সিও মহা-অপৰাধী।
নৰকত পৰে দৈৱে নবাধি॥ ১৬
__________________
পাঃ ঘোষা ২॥ হৃদি ৰূপ ধৰি-হৃদি ৰূপ ধৰি ঘুষিয়ো হৰি।