পৃষ্ঠা:Kirtan Ghosha.pdf/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৬]
ৰাস-ক্ৰীড়া


কতো গোপী-বকে যেন চুম্পি থাকে ভিৰি।
কৃষ্ণ হুয়া কতোজনী তাক মাৰে চিৰি॥ ৬০
কতোজনী কৃষ্ণ হুয়া খাৱে বাংশী তুলি।
বেঢ়িয়া প্ৰশংসে কতো ধন্য ধন্য বুলি॥
বাংশীৰ নিসানে গাই ডাকে নাম ধৰি।
কতো গোপাগণ আসে হাম্বাৰাৱ কৰি॥ ৬১
কতোজনী বাহু থৈয়া গোপিকাৰ গলে।
কৃষ্ণময় হুয়া কতো আনন্দতে চলে॥
জান গোপীগণ মই কৃষ্ণ যদুপতি।
দেখ দেখ ইটো মোৰ কেন লীলাগতি॥ ৬২
নকৰিবা ভয় বুলি কতো গোপী মাতে।
মই কৃষ্ণ আছো কি কৰিবে বৃষ্টি-বাতে॥
গাৱৰ অঞ্চল তুলি থাকে এক কৰে।
ধৰিলো মন্দৰ হেৰ চাপ নিৰন্তৰে॥ ৬৩
কেহো বোলে কালি দমো মই যদুনাথে।
ভৰি দিয়া উঠে কতো গোপিকাৰ মাথে॥
সত্বৰে অন্তৰ ঐৰ সৰ্প দুৰাচাৰ।
দুষ্টক দণ্ডিবে লাগি মোৰ অৱতাৰ॥ ৬৪
কেহোজনী বোলে অৰে দেখ গোপীচয়।
বন-জুই বেড়িলেক মিলিল সংশয়॥