পৃষ্ঠা:Kirtan Ghosha.pdf/২৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সমন্তে বিহবল হুয়া গোল্পিী। কৰৈ কৃষ্ণলীলা কতো আপুনি। কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।.. বোলা হৰি হৰি সমস্ত জনে।.৫৭ যন্ত কীৰ্তন। ঘোষা। বলো মন্দৰধাৰী। গতি মতি মোৰ তুমি মুনাৰি।৷ ৬ পদ। পুতনাৰ বেশে কতোজনী দেয় তন। কতত শিশু-কৃষ্ণ হুয়া শোয় জীৱন। কত গোপী থাকৈ যেন শকট-আকাৰে। কৃষ্ণ হুয়া ওভতাৱৈ চৰণ-প্ৰহাৰে:৫৮ কতো গোপী বসে শিশু-কৃষ্ণ-ৰূপ ধৰি। তৃণাৱৰ্ত্ত হুয়া কতত গোপী নেয় হৰি। কৃষ্ণ হুয়া কেহোজনী ফুৰৈ আণ্ঠ, কাঢ়ি। কঙ্কালত ঘাঘৰত-ঘুঘুৰা কৰে সাৰি য় ৫৯ কতো কতো হুই ৰাম কৃষ্ণ দুই ভাই। কতে বৎস হুই তাকে ফুৰান্ত চৰাই। না থোষা ও ভূমি মুৰি-ৰাৰি। ..