পৃষ্ঠা:Kirtan Ghosha.pdf/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৬
খণ্ড ১১
কীৰ্ত্তন-ঘোষা

যাহান্তে দেখিলা নন্দ-কুমাৰ।
নেন্ত চুৰি কৰি চিত্ত আমাৰ॥ ৪৭
হে কুৰুবক আশোক চম্পা।
কহিয়ো কথা কৰা অনুকম্পা॥
মানিনীৰ দৰ্প কৰিয়া চূৰ।
নজানো কৃষ্ণ যান্ত কত দুৰ॥ ৪৮
অবা তুলসী সমিধান দিয়া।
তুমি গোৱিন্দৰ চৰণ-প্ৰিয়া॥
যাহান্তে দেখিলা নন্দ-কুমাৰ।
প্ৰাণতো অধিক প্ৰিয় আমাৰ॥৪৯
হে জাই যূথী সখী মালতী।
কৃষ্ণ-পৰশে কি লভিলা গতি॥
সমস্তে গোপীৰ জীৱন-ধন।
দেখিলা যাহান্তে নন্দ-নন্দন॥ ৫০
হে আম জামু বেল বকুল।
নাহি উপকাৰী তোমাৰ তুল॥
কৃষ্ণৰ বিৰহে দেখো আন্ধাৰ।
কৱা কৈক গৈল প্ৰাণ আমাৰ॥ ৫১
কিনো তপ অথা কৰিলা ভূমি।
কৃষ্ণৰ চৰণ-পৰশে তুমি॥