পৃষ্ঠা:Kirtan Ghosha.pdf/২৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


হৰিল: চিন্তু শাসলি মর্ম । কৰিবে লাগিলা কৃষ্ণৰ কৰ্ম্ম । ৪৩ কৃষ্ণৰ ঠানে কৰৈ লীলা-গতি। সদয় হাস্যে চাৱৈ কাকে প্রতি। মঞিসি কৃষ্ণ দেখ গােপীগণ। অনন্যা-অন্তে গােপী ববলৈ বচন ॥ ৪৪ একত্র হুয়া মহাপ্রেমভাবে। গােৱিন্দ-গুণ গাৱে আৰ্ত্তৰাৰে। বিচাৰি ফুৰে পশি বৃন্দাবনে। কৃষ্ণ কৃষ্ণ বুলি উম্মত্ত মনে । ৪৫ যিটো হৰি আছা জগত ব্যাপি। বৃক্ষত তাঙ্ক সােধ পাশ চাপি। কৃষ্ণৰ কিৰুৰে শঙ্কৰে ভণে। বােলা হৰি হৰি সমস্ত জনে ॥ ৪৬ ঘােষা। কৈত পাইবে প্রাণ গােপাল আমি। ৰাইল অণ-লােচন স্বামী ॥ ৫ পদ। উচ্চ বৃক্ষ দেখি সােধে সাদৰি। শুনিয়াে অশখ বট পাকড়ি ।