পৃষ্ঠা:Kirtan Ghosha.pdf/২৪৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


লন্ত যন্ত্ৰ কাঢ়ি বঢ়ায়া ঢঙ্গ। ". | বেকত কস্ত গুপুত অঙ্গ॥ ৩৮ ধৰিয়া কাৰৰ কণ্ঠে বাহু মেলি। কৰিলা অনেক অনঙ্গ-কেলি। আনন্দে গোপীৰ বঢ়ায়া কাম। অমিল গোপীনাথ অবিশ্ৰাম। ৩৯ কৃষ্ণত হন্তে মহামান পায়। বুলিলা গৰ্বে সৱ গোজায়াৰ আমাৰ সম সৌভাগ্যিনী নাই। ভৈল অধীন যাদৱৰায় ৪০ গোপাৰ মহা অহম-ভাৱ।। দেখি নসহিলা কৃষ্ণৰ গাৰ তাসৰ দৰ্প হৰিবে মনে। ভৈলা অন্তৰ্ধান তৈতে তেখণে। ৪১ কৃষ্ণক নপাই পাছে গোপীচয়। মিলিল সন্তাপ লৈ ভয়। যেন যূথপক নেদেখি বনে। কালৈ আৰ্তৰাৱে হস্তিনগণে। ৪২ কৃষ্ণৰ সদয় কটাক্ষ হাসে। মোহন আলাপ গতি-বিলাসে।