পৃষ্ঠা:Kirtan Ghosha.pdf/২৪৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


হাসিয়া বােলও এড়িয়ে তাপ। গােপীক ক্ৰীড়িলা জগত-বাপ। ৩৩ কৃষ্ণৰ সদয় দৃষ্টি দেখি। প্রফুল্ল-মুখ ভৈল সৱে সখী দশি লীলা ভাৱ-ভজে। কৃষৰ চৌভিতি বেঢ়িলা ৰঙ্গে। ৩৪ গােপীৰ মধ্যে শােভে দামােদৰ। তাৰাৰ মধ্যে যেন শশধৰ । গলত অম্লান পঙ্কজ-মালা। বেড়িয়া গুণ গাৱে গােপবালার ৩৫ আপুনি গাৱস্ত গীত মােহন। ফুৰন্ত ৰঞ্জি দিব্য বৃন্দাবন। যমুনা-বালি দেখি সুকোমল। পদ্মগন্ধী ৰাতে আতি শীতল। ৩৬ গােপীগণ লৈয়া নামিলা তাত। কৰিলা ক্রীড়া কৃষ্ণে অসংখ্যাত। বাহু মেলি কাকো আলিঙ্গে ধৰি। কাঘােতন নখে পৰশে হৰি। ৩৭ মুখ চায়া কাৰৰ তােল হস। মাতস্ত কাকো কৰি পৰিহাস।