পৃষ্ঠা:Kirtan Ghosha.pdf/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩২
[ খণ্ড ১১
কীৰ্ত্তন-ঘোষা

তোমাৰ শুনিয়া অমৃত-গীত।
নুহিবে মোহ কোন স্ত্ৰীৰ চিত্ত॥
আছোক আন বৃক্ষ পশু পক্ষী।
প্ৰেমে পুলকিত তোমাক দেখি॥ ৩০
দেৱৰ ৰক্ষক যেন মুৰাৰি।
ব্ৰজৰে তুমি দুঃখ-ভয়হাৰী॥
জানিয়া জুড়ায়ো আমাৰ প্ৰাণ।
শিৰত হস্ত-পদ্ম দিয়া দান॥ ৩১
কামে বশ্য হুয়া গোপা যতেক।
বুলিলা বিহ্বল বাক্য অনেক॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥ ৩২

চতুৰ্থ কীৰ্ত্তন

ঘোষা॥ গোৱিন্দ দেৱ বিনে নাহি কেৱ।
গোৱিন্দ দেৱ গোৱিন্দ দেৱ॥৪
পদ॥ গোপাৰ শুনিয়া আকুল বাণী।
ভৈলন্ত সদয় সাৰঙ্গ-পাণি॥