পৃষ্ঠা:Kirtan Ghosha.pdf/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃষ্ণৰ কৰ্ম্ম আতি আচৰিত।
বিস্ময় ভৈল সমস্তৰে চিত্ত॥ ১৬২
নোহন্ত মানুষ নন্দ-তনয়।
পৰম পুৰুষ জানি নিশ্চয়॥
পাছে গোপ গোপী কৃষ্ণক বেড়ি।
গোষ্ঠক লড়িলা কৰন্তে খেড়ি॥ ১৬৩
কৃষ্ণ-গীত গান্ত বজায় বেণু।
কৰিলেক আগ যতেক ধেনু॥
গোপীসৱো কৃষ্ণ-চৰিত্ৰ গাইল।
পৰম আনন্দে ব্ৰজক পাইল॥ ১৬৪
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে গায়।
কেতিক্ষণে পড়ে ক্ষণিক কায়॥
জানিয়া কৃষ্ণৰ চৰণে ধৰি।
সমস্ত সমাজে ঘুষিয়ো হৰি॥ ১৬৫

কালি-দমন অনুখণ্ড সমাপ্ত॥

শিশু-লীলা সমাপ্ত॥ ১০