পৃষ্ঠা:Kirtan Ghosha.pdf/২৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কনে ১১] সি-লীলা এহিমতে সরে এড়ায়া শােক। ৰজনী ভৈল জানি সরে লােক। ১৫৭ যমুনা-তীৰত বঞ্চিল ৰাতি। ক্ষুধায়ে তৃষায়ে পীড়িলে আতি । ঘুমটি গৈলা হাৰাশাস্তি হুই। বেঢ়িয়া বনত লাগিল জুই। ১৫৮ অগনিৰ তাপে পাইলেক গাক। জাগিল সৱে পােপ-গােপীঝাক । বহ্নিক দেখি ভৈলা সৱে ত্রাস। ব্রাহি কৃষ্ণ বুলি পাড়ে আটাস। ১৫৯ বহ্নিত সৱে পুড়ি মৰাে আমি। প্রাণ-দান দিয়া জগত-স্বামী ॥ তুমি বিনা আন নাহি বান্ধৱ। ভকতজনক ৰাখা মাধৱ ১৬০ এহি বুলি সৱে কৰে কোলহাল। বান্ধৱৰ দুঃখ দেখি গােপাল। ভয় নাই বুলি আপুনমুখে। পিলা বনাগিক পৰম সুখে। ১৬১ এড়াইল সমন্তে দুৰ্ঘোৰ ভয়। অনন্তৰে ভৈল সূৰ্য উদয়।