পৃষ্ঠা:Kirtan Ghosha.pdf/২৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


হৰি হৰি বােলা সমস্ত জনে ১৫৩ . ঘােষ। ৰাম গােৱিন্দ মুকুন্দ মুবাৰি। পদ ॥ ভৈল হ্রদ সিটে নির্মল জল। দেখিয়া সৱে ভৈলা কৌতুহল । সপুত্র-বান্ধৱে গুচাইল কালি । তীক পাছে গৈলা বনমালী ১৫৪ দেখিয়া যশােদা ধৰিলা গলে। পুত্র পুত্র বুলি নেত্ৰৰ জলে। তিয়াইলা কৃষ্ণৰ সৱে শৰীৰ। নন্দে ধৰি আসি প্রাণিলা শিৰ। ১৫৫ কৃষ্ণক আলিঙ্গি আনন্দ পাইল। নাছিল প্রাণ দুনাই যে,আইল । বেঢ়ি গােপ-গােপী সৱে নিৰীক্ষি। জুড়াইল শৰীৰ কৃষ্ণক দেগ্নি । ১৫৬ জই বুলি বলল সাবটি আসি। প্ৰভাৱ জানিয়া তুলিলা হাসি।