পৃষ্ঠা:Kirtan Ghosha.pdf/২২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ৮] শিশু-শীল। শৰীৰক মঞি বুলি বুদ্ধি ভৈল হত। হিয়াতে হইলা তুমি খােজৈ বাহিৰত ৷ ১১২ বৃন্দাবনে তৃণ হৈবাে তেৱে মহাভাগ। পাইবাে ব্রজবাসীৰ চৰণ-ৰেণু লাগ। আজিও বিচাৰে পদজ বেদগণ। হেন হৰি ভৈল ব্রজবাসীৰ জীৱন ॥ ১১৩ মাৰিবাক দিলা তন পূতনা পাপিষ্ঠী। দিলাহা মুকুতি তাইতাে পড়িল সুদৃষ্টি। ব্রজবাসী তােমাতে অর্পিলে প্রাণ-বিত্ত। আক আৰ কিবা দিবা খেদ কৰে চিত্ত। ১১৪ তাৱে ৰাগ লােভ ক্রোধ পুৰুষৰ চোৰ । তাৱে গৃহ-বাস বন্দীশাল মহা ঘােৰ । মােহচয় ভৰিৰ নিহল হােৱে তাৱে। তােমাত ভকতি নৰে নতু কৰৈ যাৱে । ১১৫ তােমাৰ আগত কিবা বােলাে বহু বাক। যিটো বােলে জানাে প্রভু নজানে তােমাক কায়-বাক্য-মনে মঞি কৰিলােহাে সাৰ। তযু মায়া-বিভৱৰ নপাওঁ কিছু পাৰ। ১১৬ জানিবাহ প্রভু মঞি তােমাৰ কিঙ্কৰ। ত্যু চৰণত সমর্পিলাে কলেৱৰ ॥