পৃষ্ঠা:Kirtan Ghosha.pdf/২২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২১২ কীৰ্ত্তন-ঘােষ [ খণ্ড ১০ অজ্ঞৰ ক্ষমিয়াে দোষ জগত-নিৱাস। এহি কৃপা কৰা যেন বােলা তযু দাস ॥ ১০৭ গৰ্ভত থাকন্তে উদৰত ঘালে পাৱে । তাৰ অপৰাধক নধৰে যেন মাৱে ॥ তােমাৰ কুক্ষিত আমি আছাে চৰাচৰ । হেন জানি ক্ষমিয়ােক দোষ দামােদৰ। ১০৮ ইটো ব্ৰহ্ম-পদ প্রভু আমাক লাগে । কীট-পতঙ্গত জন্ম হোক কৰ্ম্ম-ভাগে। তােমাৰ ভক্তৰ মাঝে হুয়া একজন । সেৱা কৰি থাকো প্ৰভু তােমাৰ চৰণ। ১০৯ কিনাে ধন্য ধেনু গােপী ইটো গােকুলৰ । যাৰ তন-পানে তৃপ্তি ভৈলা দামােদৰ । অশ্বমেধ আদি কৰি মহাযজ্ঞ যত । তােমাক তুষিবে কেহাে নুহিকে শকত ॥ ১১০ কিনাে ভাগ্য কিনাে ভাগ্য ব্ৰজৰ প্ৰজাৰ। তুমি পূর্ণব্রহ্ম হৰি মিত্র ভৈলা যাৰ। কিনাে পুণ্য কৈল গােকুলৰ বৃক্ষ তৃণে। তােমাৰ চৰণৰেণু পাৱে প্রতি দিনে ॥ ১১১ দেখা সৰ্বলােক কেন অজ্ঞানী বৰ্বৰ। তুমি অন্তর্যামী তােমাকেসে বলৈ পৰ।