পৃষ্ঠা:Kirtan Ghosha.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৮ ]
২১১
শিশু-লীলা


আছোক পৰমব্ৰহ্ম স্বৰূপ তোমাৰ।
তাক জানিবাক আছে শকতি কাহাৰ॥ ১০২
জ্ঞান-পথ এড়ি প্ৰভু তোমাৰ কথাক।
কায়-বাক্য-মনে সেৱে যিটো সাধুঝাক॥
যদ্যপি অজিত তুমি তিনিও জগতে।
তথাপি তোমাক জিনে সেহিসে ভকতে॥ ১০৩
মুকুতি-ৰসকো স্ৰৱে তোমাৰ ভকতি।
তাক এড়ি যিটো জ্ঞান-পথে কৰে ৰতি॥
ক্লেশ মাত্ৰ পাৱে সিটো নিষ্ফল প্ৰয়াসে।
বাহানে পতান যেন তণ্ডুলৰ আশে॥ ১০৪
যিটোজনে ভুঞ্জে নিজ কৰ্ম্মৰ বিপাক।
আপেক্ষিয়া থাকে প্ৰভু তোমাৰ কৃপাক॥
কায়-বাক্য-মনে মানে চৰণ তোমাৰ।
সি সিজন মুকুতি-পদৰ অধিকাৰ॥ ১০৫
মঞি কেন দুৰ্ব্বোধ দেখিয়ো ভগৱন্ত।
মায়াদিৰ ঈশ তুমি অনাদি অনন্ত॥
তোমাক পৰীক্ষো মঞি মায়াক প্ৰকটি।
অগনিৰ আগে যেন ক্ষুদ্ৰ ফিৰিঙ্গতি॥ ১০৬
অন্ধ ভৈল চক্ষু হেলা কৰিলো তোক।
মঞি ভিন্ন ঈশ্বৰ মানিলো আপুনাক॥