পৃষ্ঠা:Kirtan Ghosha.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৬
[খণ্ড ১০
কীৰ্ত্তন-ঘােষা


সুৰভি সহিতে ইন্দ্রে আসিলা প্রত্যেক।
গােৰ ইন্দ্র পাতিয়া কৰিলে অভিষেক॥
অনেক ভকতি কৰি দুয়াে স্বর্গে গৈল।
সেহি দিন কৃষ্ণৰ গােৱিন্দ নাম থৈল ॥ ৮০
গােপ-কুমাৰিকাসৱে বস্ত্ৰ থৈয়া তীৰে।
বিবস্ত্রে নামিল গৈয়া যমুনাৰ নীৰে॥
বস্ত্ৰ লৈয়া উঠিলাহা কদম্বৰ গাছে।
নানা উপহাস কৰি বস্ত্র দিলা পাছে॥ ৮১
কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে।
নাহি আন ধর্ম্ম আউৰ কীৰ্ত্তনত পৰে॥
শুনা সৰ্ব্বজন ঐত কেদিন জীৱন।
বােলা হৰি হৰি আছে যাৱত চেতন ॥ ৮২

সপ্তম কীর্ত্তন

ঘােষা ॥ কৃষ্ণ নমাে ৰাম নিৰঞ্জন হৰি।
 কৃষ্ণ ৰাম গােপাল গােৱিন্দ ৰাম হৰি॥ ৭

পদ॥ দুষ্ট অঘে পাতিলেক কাপ।
 বাট ভেন্টি ভৈল ঘােৰ সাপ॥