পৃষ্ঠা:Kirtan Ghosha.pdf/২০৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন-ঘােষা বানৰকো খুৱাৱে গােৱিন্দ কিনাে চাণ্ড। বানৰে নখান্ত জানি কোবাই ভাঙ্গে ভাণ্ড। টুঙ্কি যেৱে নপাৱে মনত নাই তুষ্টি। সিকিয়াৰপৰা আনে উৰলত উঠি। ১৮ শৰীৰৰ ৰত্নগণে ফুৰে পৰাই। আন্ধাৰতত খুজি পাত্ত লুকান ন্যায় । বস্তুক নপাইলে ধৰি মাৰম্ভ ছৱালি। গৃহক ভৎসিয়া পলাই যান্ত বনমালী ॥ ১৯ মাৱৰ কোলাত আছ তুমি জগন্নাথ। সভয়-নয়ন হুয়া চপৰাইলা মাথ। হেন দেখি যশােদা কৃষ্ণক নােবােলয়। আনন্দে ৰহিলা হাসি পুত্র-মুখ চাই। ২০ ডৰিবাৰ দেখিয়া পুত্ৰক বৰনাৰী। বুকত সাবটি ধৰিলন্ত চুমা পাৰি। মাধৱৰ শিশু-লীলা শুনা সর্ব লােক। বােলা হৰি হৰি যত পাতক ছানােক। ২১ পা ৯। বস্তুক••••"বনমালী -পুথি) বস্তুক নপাইলে দুৱালিক মাৰে ৰাখি। লড়ন্তে পলাই যাস্ত মজিয়াত গি