সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
১৯১
শিশু-লীলা


ছলে হামি তুলি তুমি দেখাইলা মাৱত।
গৰ্ভৰ ভিতৰে আছে সমস্তে জগত॥
কম্পিল শৰীৰ যশোদাৰ হেন দেখি।
পৰম বিস্ময় হুয়া মুদিলন্ত আখি॥ ১৩
বসুদেৱে পঠাইলা আসিলা গৰ্গ ঋষি।
গোপ্য কৰি জাত-কৰ্ম্ম কৰিলা হৰিষি॥
কহিলা নন্দৰ আগে যত গুণ-গ্ৰাম।
বিধিৱতে তোমাৰ থৈলন্ত কৃষ্ণ নাম॥ ১৪
আণ্ঠু, কাঢ়ি ৰিঙ্গ পাড়ি ফুৰা ব্ৰজ মাঝে।
সোণাৰ ঘাঘৰচয় কঙ্কালত বাজে॥
বৃষৰ শুনিয়া নাদ চমকি উলটি।
আথে-বেখে ধৰা গৈয়া মাৱক সাবটি ॥১৫
থিয়দঙ্গা দিয়া পাছে তুমি দামোদৰ।
আনাট কৰিয়া ফুৰা গোৱালীৰ ঘৰ॥
আনন্দতে সমস্তে গোৱালীগণ আসি।
কৃষ্ণৰ অকৃতি যশোদাত দেয় হাসি॥ ১৬
কি ভৈল তোমাৰ ইটো তনয় দুৰ্জ্জন।
কৃষ্ণৰ নিমিত্তে আউৰ নাৰহে জীৱন॥
গাই নতু দোহন্তে দামুৰি মেলে গই।
গৃহ পশি চুৰি কৰি খান্ত দুগ্ধ দই॥ ১৭