পৃষ্ঠা:Kirtan Ghosha.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
চতুৰ্ব্বিংশতি-অৱতাৰ-বৰ্ণন

আচৰিলে মহা মোক্ষ-পদ পাই।
হৰিৰ কীৰ্ত্তন কৰি ফুৰা বীণা বাই॥ ১৬
ভৈলা অৱতাৰ আৰো নৰনাৰায়ণ।
কৰিলা দুষ্কৰ তপ চিত্তৰ শোধন॥
তোমাক মুহিবে কামদেৱে আইলা সাজি॥
দৰ্প চূৰ কৰিলা উলটি গৈলা লাজি॥ ১৭
কপিল-স্বৰূপে আৰো ভৈলা অৱতাৰ।
লুপ্ত ভৈল জ্ঞান তাক কৰিলা প্ৰচাৰ॥
তোমাৰ প্ৰসাদে যোগ জানি দেৱহূতি।
তোমাৰ চৰণ চিন্তি লভিলা মুকুতি॥ ১৮
দত্তাত্ৰেয় নামে ভৈলা অত্ৰিৰ তনয়।
পুছিলন্ত যোগ যদু অলৰ্ক হৈহয়॥
তিনিয়ো ৰাজাত কৈলা যোগৰ যুগুতি।
তোমাৰ প্ৰসাদে পাইলা পৰম মুকুতি॥ ১৯
যজ্ঞ অৱতাৰে ভৈলা দেৱতাৰ ৰায়।
যামা নামে দেৱগণ লগত সহায়॥
স্বায়ম্ভুৱ মনুৰ দিনত তুমি হৰি।
ইটো ত্ৰিজগতক আছিলা ৰক্ষা কৰি॥ ২০


পা* ১৭॥ তপ— কৰ্ম্ম। ১৮॥ লুপ্ত— গুপ্ত[কালৱিপ্লুতম্— ভাগৱত ১|৩|১০|