পৃষ্ঠা:Kirtan Ghosha.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৪
[খণ্ড ৮
কীৰ্ত্তন-ঘোষা


নৱম কীৰ্ত্তন

ঘোষা॥ বান্ধৱ মাধৱ দেৱ হৰি।
 কৰা কৃপা দোষ ক্ষমা কৰি॥ ৯

অনন্তৰে দেৱ হৰি  দুনাই নিজ ৰূপ ধৰি
  শঙ্কৰৰ আগে উপসন।
মুখে কৰি অল্প হাসি   হৰক সম্বুধি আসি
  বুলিলন্ত প্ৰশংসা-বচন॥

শুনা শুনা শূলপাণি   জানো তুমি মহাজ্ঞানী
  তৰিলা দুস্তৰ মায়া ঘোৰ।
তুমিসে তত্ত্বক জানা  নাহি আৰ তুমি বিনা
  আৱৰ পৰম প্ৰিয় মোৰ॥ ৮২

শুনা শুনা জ্ঞানশালী  তোমাৰেসে বাক্য পালি
  দেখাইলো দুস্তৰ স্ত্ৰী-মায়া।
আত নকৰিবা খেদ  কিঞ্চিতো নাহিকে ভেদ
  তোমাৰে আমাৰে একে কায়া॥

শুনা ভূতনাথ হৰ   তুষ্ট হুয়া দেঞো বৰ
  হোক মায়া তোমাৰ অধীন।


ঘোষা ৯॥ বান্ধৱ –মাধৱ, মাধৱ মাধৱ।
পা* ৮২॥ মহাজ্ঞানী–মহামানী।