পৃষ্ঠা:Kirtan Ghosha.pdf/১৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন ৮ ] হমোহন > - এৱে কেনমতে তান, আগে হৈবো থিয়। কন্ত অশেষ চিন্তা দেৱ সদাশিৱ॥ ৭৭ বিচাৰি চাহিলে দোষ নাহিকে আমাৰ। যাৰ মায়া-পাশে বদ্ধ সকলে সংসাৰ॥ হেন হৰি মুহিলা আপুনি নাৰী হুই। আত অনুশোচ আৱে কৰো কোন মুই। ৭৮ কটাক্ষত সৃজন্ত ব্ৰহ্মাণ্ড কোটি কোটি। এগোটা ডিম্বৰ মঞি ৰুদ্ৰ এক গুটি। যাহাৰ অঙ্গত চৰাচৰ ভৈল বাজ। হেন হৰি মুহিলা ইহাত কোন লাজ॥ ৭৯ বিষ্ণুৰ আগত মই পৰম অজ্ঞানী। জিনিলো মায়াক বুলিলোহো গৰ্ব্ব-বাণী। ইসে অহঙ্কাৰে কৰে হৃদয়ত তাপ। হৰি হৰি স্মৰণে খণ্ডোক ইটো পাপ। ৮০ এহি বুলি মৌন ভৈল দেৱতা ঈশান। কৰিবে লাগিলা মনে মাধৱক ধ্যান। শুনা সৰ্বজনে মন কৰা উপশাম। পাত ছাড়োক ডাকি বোলা ৰাম ৰাম। ৮১ পা' ৮১ | দেৱতগত।