পৃষ্ঠা:Kirtan Ghosha.pdf/১৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১ কীৰ্ত্তন-ঘোষ তথাপি খেদন্ত হৰ হয়া উলঙ্গত। পাক ফুৰি পাইল গৈয়া বৈকুণ্ঠ-নিকট। পড়িয়া আতাইল যেৱে বিন্দু আছে যত। তেৱেসে চেতন ভৈল হৰৰ গাৱত॥ ৭৩ চাপৰি চাহান্ত ছাল নাহিকে কটিত।। লাজে অধধামুখ হুয়া বসিলা মাটিত। পাছে ব্ৰহ্মজ্ঞান চিন্তি চিত্ত থিৰ কৰি। নাক কাণ ছুয়া সুমন্ত ৰাম হৰি। ৭৪ মদনৰ পীড়াক এড়ায় মহাযোগী। ব্যাধিৰ সকাশ পাইল যেন চিৰৰোগী। গ্ৰহ গুচি গৈল যেন সুস্থ হোৱে সূৰ্য্য। মনত গুণন্ত বসি জগতৰ পূজ্য॥ ৭৫ মোৰ কাজে আজি হইলো ত্ৰিভুৱন। কেন মতে পতিয়াইব পাৰ্বতীৰ মন। বুলিবেক ফুৰিলা কাহাৰ নাৰী-সঙ্গে। গৃহত পশিবে বান্ধৈ নেদিবন্ত খঙ্গে। ৭৬ লঘু ভৈলো মাধৱৰ নুশুনিলো হাক। উমাৰ আগত চাটু বুলিলো কন্যাক। পা ৭৫॥ সূৰ্য-বাউল। ... পূজ্য—বাউল, ৰাতুল।