পৃষ্ঠা:Kirtan Ghosha.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৮]
১৬১
হৰ-মোহন


উগুল-থুগুল মন মদনে বিকল।
বহিবে লাগিল শঙ্কৰৰ বিন্দু-জল॥ ৬৯
হস্তিনীক খেদন্তে হস্তীৰ যেন স্ৰৱে।
যেন গিৰি শিখৰৰ গেৰু-ধাৰা বৱে॥
সেহিমতে শঙ্কৰৰ বিন্দু যায় পড়ি।
দেখি ঋষিগণে আন্তৰন্ত তাঙ্ক এড়ি॥ ৭০
পিঠি দিয়া কতো সুমৰন্ত হৰি ৰাম।
মহাযোগী শঙ্কৰ আহান হেন কাম॥
এহি বুলি ঋষিগণ গৈলা ঘৰাঘৰি।
সুমৰিয়া হৃষীকেশ ৰাম হৰি হৰি॥ ৭১

অষ্টম কীৰ্ত্তন


ঘোষা॥ এ হৰি কি প্ৰাণ হৰি পশিলো শৰণে।
 কৰ কৃপা নাথ মোক অকণ চৰণে॥ ৮

পদ॥ যৈত যৈত শঙ্কৰৰ বিন্দু পড়ি গৈল।
 ভূমি গুচি তেখণে সুৱৰ্ণময় ভৈল॥
 যেহি বৃক্ষ-লতাক বিন্দুৰ ছটা ছোৱে।
 কাষ্ঠ গুচি তেখণে সুৱৰ্ণময় হোৱে॥ ৭২


^ পা॥৭২॥ ভূমি•••ভৈল ॥—মাটি গুচি শুদ্ধ সুৱৰ্ণৰ ভুমি ভৈল॥

১১