পৃষ্ঠা:Kirtan Ghosha.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬০
[খণ্ড ৮
কীৰ্ত্তন-ঘোষা

এহি বুলি জুমাজুমে হাসে সৱ সখী।
ঋষিগণো শঙ্কৰক কামাতুৰ দেখি॥
বিষ্ণু বিষ্ণু স্মৰি সৱে চপৰাইলা মাথ।
কিনো বিপৰ্য্যয় ভোল ভৈল গৌৰীনাথ॥ ৬৫
কেহো বোলে শঙ্কৰৰ কোন মায়া বুজা।
পাদ্য-অৰ্ঘ্য দিয়া আগ বাঢ়ি কৰো পূজা॥
এহি বুলি উঠি যান্ত কতো ঋষিগণ।
লৱৰন্তে কৰযোড়ে বোলন্ত বচন॥ ৬৬
তুমি চৰাচৰ গুৰু জগতৰ বাপ।
সৰ্ব্বজান হুয়া আৱে কৰা হেন পাপ॥
ক্ষেণেক বিশ্ৰাম কৰা আমাৰ থানত।
যতেক বোলন্ত মানে নপশে কাণত॥ ৬৭
কামিনী হৰিল চিত্ত কামে ভৈলা ভোল।
নুশুনন্ত শঙ্কৰে ঋষিৰ মাত-বোল॥
ৰমণীৰ পাছে পাছে ফুৰন্ত লৱড়ি।
গাৱ দেখাই সুন্দৰী পলান্ত ভৰি ভৰি॥ ৬৮
নপাৱন্ত লাগ তান নাহি সুখ-শান্তি।
খেদন্তে খেদন্তে হৰ ভৈল হাৰাশাস্তি॥


 পা ৬৭॥ ক্ষেণেক—ক্ষণিক, খানিক।